শিক্ষা ব্যৱস্থা উন্নয়ন আৰু পৰিবৰ্তনৰ বাবে চৰকাৰ সংকল্পবদ্ধ
শিক্ষা ব্যৱস্থাৰ উন্নয়ন আৰু পৰিবৰ্তনৰ ক্ষেত্ৰত চৰকাৰ সংকল্পবদ্ধ – ডাঃ ৰণোজ পেগু।
সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৰাজ্যখনক আগুৱাই লৈ যোৱাত শিক্ষা ব্যবস্থাই এক গুৰু দায়িত্ব পালন কৰিব।
শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল নীতিৰ সূচনা আৰু শৈক্ষিক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনত ৩৮ খন নতুন মাধ্যমিক বিদ্যালয় শুভ উদ্বোধনীৰ অংশস্বৰূপে কালি অসম চৰকাৰৰ মন্ত্ৰী সকলে বিভিন্ন জিলাত উপস্থিত হৈ এই কাৰ্যসূচীৰ আৰম্ভনি কৰে। উল্লেখযোগ্য যে এই ৩৮খন বিদ্যালয়ৰ ভিতৰত ১৯খন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় বিশেষকৈ চাহ বাগিচা অধীকৃত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক বিকাশৰ বাবে নিৰ্মান কৰা হৈছে। এই অনুসৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু কালি ডিব্ৰুগড় জিলাত উপস্থিত হৈ নাহৰতলী, ভিতৰ চাবুৱা আৰু ৰোমাই চাহ বাগিচা আদৰ্শ বিদ্যালয় কেইখন শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সুপৰিকল্পিত শিক্ষা ব্যৱস্থাৰে উজ্জীৱিত হ’লেহে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যখন সামগ্ৰীক ভাৱে আগুৱাই যাব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুদূৰ প্ৰসাৰি চিন্তাৰ ফলস্বৰূপে চাহ বাগিচা এলেকাত বিদ্যালয় স্থাপন আৰু অসমৰ কিছু শিক্ষা খণ্ডৰ অধীনত য’ত ছাত্ৰ-ছাত্ৰী সমূহ কিছু পিছপৰি আছে সেই অঞ্চলসমূহত আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছিল। তেওঁ লগতে কয় যে, ইয়াৰে ভিতৰত অতি কম সময়তে ৯৭ খন বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়াৰ লগতে আজিৰ পৰা অহা ২৫ জুন তাৰিখলৈ অসমৰ বিভিন্ন অঞ্চলত বাকি সমূহ বিদ্যালয় মুকলি কৰা হ’ব। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, বিধায়ক পোনাকণ বৰুৱা ,তেৰছ গোৱালা আৰু জিলা উপায়ুক্ত শ্ৰীবিশ্বজিত্ পেগু উপস্থিতিত থাকে।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আজিৰে পৰা শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে ২০২৩-২৪ শিক্ষা বৰ্ষৰ বাবে ১৮ খনকৈ আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনী ব্যবস্থা লোৱা হৈছে।মন কৰিবলগীয়া যে আদৰ্শ বিদ্যালয় সমূহ হৈছে চি বি এছ চিৰ অধীনস্থ বিদ্যালয় আৰু ইতিমধ্যে ৰাজ্যখনত ৩৮ খন এই ধৰণৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰি আছে। বিগত পাঁচ বছৰত এই সমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ হৈছে ৯৩ শতাংশ। আজি ইতিমধ্যে গোৱৰ্ধন (বৰপেটা),হাজো ,দেৱান চাহ বাগিচা (কাছাৰ),ডিমৌ (শিৱসাগৰ), জামুগুৰি (শোণিতপুৰ) আৰু মাহমৰা (চৰাইদেউত) এখনকৈ আদৰ্শ বিদ্যালয় মুকলি কৰা হয়।