প্ৰায় সাজু! শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ ব ৰামমন্দিৰ

0 152

G20 শীৰ্ষ সন্মিলনত ভাগ ল’বলৈ মহা শক্তিধৰ ৰাষ্ট্ৰৰ বহুকেইজন মুৰব্বীয়ে নতুন দিল্লীত বাহৰ পতাৰ সময়তে ৰামমন্দিৰ উদ্বোধনৰ দিন চুড়ান্ত কৰিবলৈ অযোধ্যাত ৰুদ্ধদ্বাৰ বৈঠক ৰাম জন্মভূমি ট্ৰাষ্টৰ। G20 সন্মিলনৰ মাজতে দিল্লীতো শুনা গৈছে অযোধ্যৰ সেই বৈঠকৰ অনুৰণন।ৰামমন্দিৰ মুকলিৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচনেও লাভ কৰিছে চৰ্চা।

উল্লেখ্য যে, ২০২৪ ৰ ২১ ৰ পৰা ২৪ জানুৱাৰীৰ মাজৰ এটা শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে অযোধ্যাৰ ৰামমন্দিৰ(Ram Mandir)। কিন্তু তাৰ পূৰ্বে জানুৱাৰীৰ ১৪ তাৰিখে সম্পন্ন হ’ব ৰামলালাৰ ।ৰামমন্দিৰ উদ্বোধনক লৈ এতিয়া অযোধ্যাৰ লগতে দিল্লীতো চলিছে নানা জল্পনা কল্পনা। একাংশই জানিব দিয়া মতে ২২ জানুৱাৰীত ৰামমন্দিৰ মুকলি তাৰিখ চূড়ান্ত কৰা হৈছে ।উল্লেখ্য যে ৰাম মন্দিৰ মুকলি কৰা পাছতে অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰিব চৰকাৰে। চৰকাৰে বাজেট দাখিল কৰা পাছতে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি জানিব দিয়ে।

ৰামমন্দিৰ (Ram Mandir) মুকলিক লৈ উৎসুক হৈ আছে শাসকৰ লগতে বিৰোধী পক্ষ।

media school
Leave A Reply

Your email address will not be published.