মৰক্কোৰ পাছত লিবিয়াত মহাপ্ৰলয়ঃ বানত প্ৰায় ৫,৩০০ লোকৰ মৃত্যু

0 144

মৰক্কোৰ পিছত লিবিয়াত মহাপ্ৰলয়। বানত বিধ্বস্ত হৈ পৰিছে লিবিয়া। দুই নদীবান্ধ ভাঙি যোৱাৰ ফলত সৃষ্টি হোৱা এই মহাপ্ৰলয়ত নিহত হয় পাঁচ শতাধিক লোক। দেওবাৰে আফ্ৰিকান দেশখনৰ উত্তৰে থকা ডেৰ্না নগৰত দুটা নদীবান্ধ ভাঙি পৰাৰ পাছতে ভয়াবহ দুৰ্যোগৰ কবলত পৰে চহৰখন।

এতিয়া ধ্বংসস্তুপৰ মাজত চলিছে জীৱনৰ সন্ধান।এই ভয়ংকৰ বান- ধুমুহাত মৃতকৰ সংখ্যা ৫,৩০০ গৰাকী লোকলৈ বৃদ্ধি পায়।ইফালে এই প্ৰলয়ংকাৰী বানৰ ফলত প্ৰায় ১০ হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে। প্ৰশাসনে হেলিকপ্টাৰেৰে সন্ধান চলাই আছে । ডেনিয়েল ধুমুহাৰ ফলত পাছতেই অধিক বিধ্বংসী ৰূপ লৈছে বানে। এই ভয়ংকৰ বানত উটি গৈছে হেজাৰ জেজাৰ বাহনৰ লগতে পানী আৰু বোকাত পোত গৈছে সু- উচ্চ অট্টালিকাসমূহ।

media school
Leave A Reply

Your email address will not be published.