বৰ্ষাকালক বিদায় দি শৰতকাল আগমন হোৱাৰ সময়তে উৎকট গৰমে দহিছে ৰাজ্যবাসীক

0 181

বৰ্ষাকালক বিদায় দি শৰতকাল আগমন হোৱাৰ সময়তে উৎকট গৰমে দহিছে ৰাজ্যবাসীক। প্ৰখৰ ৰ’দে জ্বলাই মাৰিছে এতিয়া দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যবাসীক।প্ৰকোপ ৰ’দত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক। ছেপ্টৰম্বৰ মাহৰ মাজভাগতো ৩৫ৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পোৱাত গৰমৰ বাবে একপ্ৰকাৰে স্থগিত কৰিছে জনজীৱন।


তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো একেই পৰিস্থিতি। দিনৰ ভাগত মহানগৰীৰ পদপথত দেখা দিয়ে শূন্যতাই। মহানগৰীৰ দাঁতিয়ে দাঁতিয়ে এতিয়া সুলভ হৈ পৰিছে কুঁহিয়াৰ, নাৰিকলৰ, নেমু আদিৰ লগতে ভিন্ন ফলৰ ৰসৰ পৰা তৈয়াৰ কৰা শীতল পনীয়ৰ দোকান। ফাষ্ট-ফুডৰ দোকানৰ মেনুতো স্থান পাইছে বিভিন্ন ফলৰ ৰসৰ শীতল পানীয়েই।

ইপিনে বৰ্ষাকালক বিদায় দি শৰতকাল আগমনৰ সময়তে প্ৰখৰ ৰ’দৰ বাবে এতিয়া ৰাজ্যখনৰ কৃষকে বিপদৰ সন্মুখীন হৈছে। ঠায়ে ঠায়ে পানীৰ নাটনিৰ বাবে খেতিত প্ৰভাৱ পৰাৰ লগতে নৈ-উপনৈৰ মাছবোৰো মৃত্যুমমুখত পৰিছে।

media school
Leave A Reply

Your email address will not be published.