বিধানসভাত মুখ্যমন্ত্ৰী বৃহৎ ঘোষণাঃ ১৫-২০ দিনৰ ভিতৰত গঠন হ’ব বজালী জিলা

0 134

বজালীত আন্দোলন অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। বজালীক লৈ লৰা ধেমালি কৰা চৰকাৰখনৰ ৰাজহাড়বিহীন সিদ্ধান্তই ক্ষোভিত কৰিছে বজালীবাসীক। বজালীক এবাৰ জিলা ঘোষণ কৰা পাছত জিলা কৰ্তন কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বজালীবাসীয়ে।

ইয়াৰ উপৰিও ২০১৯ চনত বজালীক সৰ্বানন্দ সোণোৱাল চৰকাৰে জিলা ঘোষণা কৰাৰ পাছত ২০২০ চনত জিলাৰ কাম কাজ আৰম্ভ কৰা হৈছিল হয়। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ অচিলা লৈ ২০২২ চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বজালী জিলা কৰ্তন কৰে যদিও ২০২৩ চনত পুনৰ বজালীক জিলালৈ উন্নীত কৰে।

কিন্তু পুনৰ ১২ ছেপ্টেম্বৰত পুনৰ চৰকাৰে বজালী জিলা কৰ্তন কৰাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈ পৰিছে বজালী। ৰাজ্যচৰকাৰে ঘোষণা কৰা ৭৯ খন উপ-জিলাত বজালীৰ নাম প্ৰত্যক্ষ কৰাৰ পাছতেই প্ৰতিবাদ সৃষ্টি হয় বজালীত। তাৰপাছতে ১৪ ছেপ্টম্বৰত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১০-১৫ দিনৰ ভিতৰত বজালীক জিলা কৰা হ’ব। ইয়াৰ উপৰিও নতুন উপ-জিলালৈ ৫ কোটিকৈ টকাৰ অনুমোদন আগঢ়োৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কাৰ্যালায় আৰু আন্তঃগাঁথনিৰ বাবে এই ধনৰ অনুমোদন আগবঢ়োৱা বুলি উল্লেখ কৰে।

media school
Leave A Reply

Your email address will not be published.