পুনৰ খাকী পোছাকত লাগিল দাগঃ মংগলদৈ সদৰ থানা উপ-পৰিদৰ্শক নিলম্বন

0 117

পুনৰ খাকী পোছাকত লাগিল দাগ।কৰৱী শইকীয়াৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি, সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ।

অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও কৰবী শইকীয়াক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। মঙলদৈৰ পূৰ্বে তেওঁ ধূলাত আছিল আৰু তাতো তেওঁ জনসাধাৰণৰ লগতে সহকৰ্মীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ আছে। কেৱল ইমানেই নহয়, একাংশৰ মতে টকা দাবী কৰে কৰবী শইকীয়াই।

কিছুদিন পূৰ্বে তেওঁ প্ৰাক্তন সেনা বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ গোচৰ সংক্ৰান্তীয় কাম কাজত গাফিলতি কৰিছিল। সেনা বিষয়া গৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়ে অৱগত কৰিছিল। এইগৰাকী কৰবী শইকীয়াই মঙলদৈতো নিজৰ সহকৰ্মীক বেয়া ব্যৱহাৰ কৰি আহিছে। এনেবোৰ অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ।

Leave A Reply

Your email address will not be published.