বিধানসভাত গৃহীত হ’ল পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩

0 163

বিধানসভাত গৃহীত হ’ল পঞ্চায়ত সংশোধনী বিধেয়ক ২০২৩। সংশোধিত আইন অনুসৰি এতিয়াৰে পৰা অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

উল্লেখ্য যে, সংশোধিত আইন অনুসৰি ৱাৰ্ড সদস্যৰ দ্বাৰা নিৰ্বাচিত হ’ব গাঁও পঞ্চায়তৰ সভাপতি। ইয়াৰ লগতে ৱাৰ্ড সদস্যৰ নিৰ্বাচনত নাথাকিব দলীয় প্রতীক আৰু আঢ়ৈ বছৰলৈ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্রস্তাৱ।

ইয়াৰ উপৰিও জিলা পৰিষদৰ সদস্যৰ ক্ষেত্রত প্রযোজ্য হ’ব Anti defection law। আনহাতে এইবাৰ বেলট পেপাৰৰ পৰিৱৰ্তে ইভিএমত হ’ব পঞ্চায়ত নিৰ্বাচন।

পঞ্চায়ত প্রাৰ্থীৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে নতুন আইনত। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্রাৰ্থী হ’ব লাগিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ। গাঁও পঞ্চায়তৰ সদস্যৰ প্রাৰ্থীও হ’ব লাগিব এইচএছ উত্তীৰ্ণ।

media school
Leave A Reply

Your email address will not be published.