পঞ্চায়ত সংশোধনী আইনৰ জৰিয়তে অত্যধিক কৰৰ বোজা গঞাৰ মূৰত

0 128

এইবাৰ গ্ৰামাঞ্চলৰ লোকসকলৰ মূৰত কৰৰ জাপি দিয়া হ’ব কৰৰ বোজা ।বৃহস্পতিবাৰে বিধানসভাত গৃহীত হয় পঞ্চায়ত সংশোধনী বিধায়ক। এই আইনখন গৃহীত হোৱাৰ লগে লগে বহু নতুন নিয়ম আহি পৰিব গাঁও সমূহত।

অসম পঞ্চায়ত আইন সংশোধনৰ অচিলাৰে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ অত্যাধিক কৰৰ বোজা জাপি দিয়াৰ প্ৰস্তুতিহে চলাইছে। উল্লেখ্য যে, গ্ৰামাঞ্চলৰ ব্যক্তিগত হাট, ঘাট আৰু পুখুৰীবোৰৰ বাবদ ৰাইজে কৰ দিব লাগিব চৰকাৰক। এই ভয়ংকৰ তথ্য বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত উন্মোচিত হৈছে ।

উল্লেখযোগ্য যে বিধানসভাত গৃহীত হয় ‘দা আছাম পঞ্চায়ত (এমেণ্ডমেন্ট) বিল, ২০২৩’। আইনখনৰ ১০৭ নম্বৰ সংশোধিত ধাৰাৰ ২০ নম্বৰ দফাত স্পষ্টভাৱে কোৱা হৈছে যে পঞ্চায়তৰ অনুমতি অবিহনে গ্ৰামাঞ্চলৰ কোনো ব্যক্তিগত হাট, ঘাট আৰু পুখুৰী পৰিচালিত হ’ব নোৱাৰিব। গাঁৱৰ হাটত চলা ব্যৱসায়-বাণিজ্যৰ বাবে গৰাকীয়ে পঞ্চায়তক আগতীয়াকৈ মাচুল পৰিশোধ কৰিব লাগিব। নদী, ঘাটসমূহ চলিবলৈও পঞ্চায়তক দিব লাগিব মাচুল।

তদুপৰি গাঁৱৰ ৰাইজৰ ঘৰৰ পিচফালে থকা পুখুৰীটো নাইবা মীনপালনৰ বাবে থকা পুখুৰীসমূহৰ বাবে স্বত্বাধিকাৰীয়ে পঞ্চায়তক আগতীয়াকৈ পৰিশোধ কৰিব লাগিব মাচুল। কেৱল সেয়ে নহয়, গ্রামাঞ্চলৰ ব্যক্তিগত বজাৰ, দোকানসমূহেও পৰিশোধ কৰিব লাগিব কৰ।

আইনখনৰ ২৫ নম্বৰ সংশোধনী ধাৰাৰ ১১ নম্বৰ দফা অনুসৰি গ্ৰামাঞ্চলৰ ব্যক্তিগত বজাৰসমূহত থকা প্ৰতিখন দোকানৰ বিপৰীতে দিব লাগিব কৰ।

Leave A Reply

Your email address will not be published.