উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হওক অৰ্ণৱ গোস্বামী-ডি ৱাই চন্দ্ৰচূড়া

0 495

টিআৰপি কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰি আবেদন জনোৱা ৰিপাব্লিক টিভিয়ে মুখ ঠেকেচা খালে উচ্চতম ন্যায়ালয়ত।বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে ৰিপাব্লিক টিভিয়ে টিআৰপি কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰি কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।তিনিজনীয়া বিচাৰপীঠখনৰ নেতৃত্ব দি ন্যায়াধীশ গৰাকীয়ে কয় – ইতিমধ্যে ৰিপাব্লিক টিভিয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। এতিয়া যদি উচ্চতম ন্যায়ালয়ে এইখন আবেদন গ্ৰহণ কৰে তেন্তে সৰ্বোচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা নথকা যেন  লাগিব। অন্য এজন নাগৰিকে অপৰাধীক গোচৰৰ মুখামুখি হ’লে যেনেদৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

media school
Leave A Reply

Your email address will not be published.