৮ বছৰৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়লাভঃফাইনেলত প্ৰৱেশ শ্ৰীলংকাৰ

0 153

অৱশেষত শেষ বিন্দুলৈকে যুঁজ দি ৮ বছৰৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়লাভ। এছিয়া কাপ ২০২৩ৰ আয়োজক দেশ তথা এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানক ২ উইকেইটৰ ব্যৱধানত ডি এল এছ পদ্ধতিত পৰাস্ত কৰি শ্ৰীলংকাই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হয়।

ইয়াৰ ফলত এছিয়া কাপৰ পৰা বিদায় মাগে আয়োজক দেশ পাকিস্তান। এই জয়ৰ সুবাদতে ১৭ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া ফাইনেল মেচখনত শ্ৰীলংকা ভাৰতৰ মুখামুখী হ’ব।

বৃহস্পতিবাৰে চুপাৰ-৪ৰ মেচখনত পোন প্ৰথমে পাকিস্তানে বেট ধৰি ৪২ অ’ভাৰত ৭উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কুশল মেণ্ডিছ আৰু আছালাংকাৰ সময়োপযোগী বেটিঙৰ সহায়ত অন্তিম বলত শ্ৰীলংকাই বিজয় সাব্যস্ত কৰে।

media school
Leave A Reply

Your email address will not be published.