অসম চৰকাৰে শীঘ্ৰে বন্ধ কৰিব বহুবিবাহঃমুখ্যমন্ত্ৰী

0 127

বাল্যবিবাহৰ পিছত এইবাৰ বহুবিবাহ (polygamy) বন্ধ কৰিব অসম চৰকাৰে। ডিচেম্বৰৰ ভিতৰত অসমত বন্ধ হ’ব বহুবিবাহ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

১৫ ছেপ্টম্বৰত বিহাৰৰ নালন্দাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত বহুবিবাহ নিষেধ কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ‘‘ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবিবাহক লৈ কি কৰে নাজানো, অসমত আইন অনা হ’ব। লগতে ডিচেম্বৰৰ ভিতৰত বহুবিবাহৰ বিৰুদ্ধে বিধেয়ক অনা হ’ব। ইতিমধ্যে জনসাধাৰণৰ পৰা পৰামৰ্শ লোৱা হৈছে আৰু আইনী দিশসমূহ চোৱা হৈছে। ইয়াৰ বাবে ড্ৰাফ্ট প্ৰস্তুত কৰা হৈ আছে।সেয়েহে ডিচেম্বৰৰ ভিতৰত আমি বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ এখন বিধেয়ক গৃহীত কৰিম।’’

Leave A Reply

Your email address will not be published.