কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাঃদেশৰ প্ৰধানমন্ত্ৰীৰ জন্ম দিনটোতে ৬০,০০০ লোকক প্ৰদান কৰা হ’ব আয়ুষ্মান ভাৰত কাৰ্ড

0 199

দেশৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে সুখবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ ঘোষণা । চলিত বৰ্ষৰ ১৭ ছেপ্টম্বৰ অথাৎ নৰেন্দ্ৰ মোদীৰ জন্মৰ দিনটোৰ পৰাই আৰম্ভ কৰা হ’ব আয়ুষ্মান ভৱ কাৰ্যসূচী। আয়ুষ্মান ভৱ কাৰ্যসূচী কাৰ্যসূচীৰ জৰিয়তে দেশৰ ৬০,০০০ লোকক প্ৰদান কৰা হ’ব আয়ুষ্মান ভাৰত কাৰ্ড।

এই আঁচনিৰ জৰিয়ত দেশৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৫ লাখ টকাকৈ স্বাস্থ্য বীমা। এই ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰে।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰলায়ৰ পৰা আৰম্ভ কৰা হৈছিল আয়ুষ্মান ভৱ অভিযান। দেশ ব্যাপী স্বাস্থ্য সেৱাৰ প্ৰচেষ্টা যাৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিখন গাঁও চহৰত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.