আহিনৰ আঁচল ধৰি ধৰালৈ শৰতৰ আগমণ

0 970

আজি আহিনৰ পহিলা দিন ৷ আহিনৰ লগে লগে আগমণ ঘটিল ঋতুৰাণী শৰতৰ। আহিন মানেই শেৱালিৰ সুবাসত শৰতৰ আগমণ। তলসৰা শেৱালিৰ পাহিৰে গুঠে তৰাফুলৰে মালা অগণন। আহিনৰ আগমণ, আকাশত শুকুলা মেঘ, পথাৰত সেউজীয়া ধাননি, নৈ পাৰৰ শুভ্ৰ কহুঁৱা। আহিন মানেই যেন এক সুকীয়া অনুভূতি। আহিন মানেই যেন শৰৎ।

আহিনৰ আগমণে আনে দুৰ্গোৎসৱ। নিয়ৰে ক’লেহি- শেৱালিয়ে, আৰু শেৱালিয়ে ক’লে- নিয়ৰে আনে ৷দুবৰিয়ে ক’লে কোমল হাঁহিৰে- দুয়োজনে, দুয়োজনে। আহিন মানেই জানো এক আৱেগ নহয়! আহিনৰ সুকোমল বোকোচাত কি থাকে? হাজাৰ আশা, হেঁপাহৰ, সপোনৰ ৰাগিৰে আহিনে বোকোচাত কঢ়িয়ায় ভৱিষ্যতৰ সোণালী সপোন। অসমীয়া সমাজৰ জন-জীৱনৰ এটা মধুময় সময় এই আহিন।

ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হয় সময় ৷প্ৰতিটো ঋতুৰে থাকে সুকীয়া সৌন্দৰ্য্য, মনপৰশা মাদকতা ৷সেয়েহে শৰতৰ সুবাস লৈ আকৌ আহিল হেঁপাহৰ আহিন। দুৱৰিৰ দলিছাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে আহিনমহীয়া সুবাস। আহিন মানেই যেন শৰতৰ আগমন আৰু শৰৎ মানেই সৃষ্টিৰ সঁফুৰা।গ্ৰীষ্মৰ আঁচলত ধৰি আহিছে আহিন, আহিছে শৰৎ।

media school
Leave A Reply

Your email address will not be published.