১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ পথত অসম চৰকাৰঃপুনৰ ১ লাখ নিবনুৱাক দিয়া হ’ব নিযুক্তি

0 130

অসমত পুনৰ ১ লাখ নিবনুৱাক দিয়া হ’ব নিযুক্তি। অহা ৩ বছৰৰ ভিতৰত দিয়া হ’ব ১ লাখ চাকৰি। এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।মঙলবাৰে ছত্তীশগড়ৰ নৱগড়ৰ অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই ঘোষণা।

অসমত বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰায় পূৰণ হোৱাৰ পথত। এই বিশাল ৰাজহুৱা সভাত ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আঢ়ৈ বছৰ পূৰ্বে যেতিয়া অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত চৰকাৰ গঠন হ’লেই ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে অসমত ৯০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ল।
ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘অহা ৩ বছৰত অসমত আৰু ১ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব।’’

অসমত মুঠ ১০ লাখ নিবনুৱা থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী চাকৰিৰ উপৰি আত্মসংস্থাপনৰ জৰিয়তে নিবনুৱাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অশম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে আত্মসংস্থাপনৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। ২ৰ পৰা আঢ়ৈ লাখ যুৱক–যুৱতীক চৰকাৰৰ ফালৰ পৰা ৪–৫ লাখ টকাকৈ আত্মসংস্থাপনৰ বাবে আগবঢ়াব। সেই ধন ঋণ হিচাপে নহয়, অনুদান হিচাপে আগবঢ়োৱা হ’ব, যাতে তেওঁলোকে কোনো কাম কৰি আত্মসংস্থাপন লাভ কৰি

Leave A Reply

Your email address will not be published.