অমৃত বৃক্ষ ৰোপণৰ পিছত এইবাৰ অমৃত কলহ যাত্ৰা

0 251

অমৃত বৃক্ষ ৰোপণৰ পিছত এইবাৰ অমৃত কলহ যাত্ৰা। আজিৰ পৰা আৰম্ভ হ’ব ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন গাঁও আৰু নিৰ্বাচিত পৌৰসভাৰ প্ৰতিটো ঘৰৰ পৰা এমুঠিকৈ মাটি এই অভিযানৰ অধিনত সংগ্ৰহ কৰা হ’ব। গুৱাহাটীৰ প্ৰায় ৬০ ৱাৰ্ডৰ মাটি সংগ্ৰহ কৰি হেঙেৰাবাৰীস্থিত অমৃত উদ্যানত ৰখা হ’ব এই মাটিসমূহ।

আনহাতে মহানগৰীৰ অট্টালিকাত বাস কৰা লোকসকলৰ পৰাৰ মাটিৰ পৰিৱৰ্তে এমুঠি চাউল সংগ্ৰহ কৰা হ’ব। কিয়নো এই অনুষ্ঠানৰ মুল উদ্দেশ্যই হৈছে মাটি আৰু অন্ন সংগ্ৰহ কৰা।

উল্লেখ্য যে, ২৫ ছেপ্টম্বৰত গাঁও- চহৰ নগৰৰ মাটি সংগ্ৰহ কৰি কলাক্ষেত্ৰত আয়োজন কৰা হৈছে অমৃত কলহ যাত্ৰা।সৰ্বমুঠ অসমৰ ২৭০ টা ব্লকৰ পৰা দুটাকৈ কলহ সংগ্ৰহ কৰা হ’ব। এই মাটিসমূহ সংগ্ৰহ কৰি ২৮ ছেপ্টম্বৰত দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিখন ৰাজ্যৰ পৰা মাটি আনি দিল্লীত নিৰ্মাণ কৰা হ’ব অমৃৃত উদ্যান।

media school
Leave A Reply

Your email address will not be published.