২৪ ছেপ্টম্বৰত গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মেট্ৰ’ত বন্ধ থাকিব সুৰাৰ বিক্ৰী

0 187

গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মেট্ৰ’ত ২৪ ছেপ্টম্বৰ অৰ্থাৎ দেওবাৰে কোনোধৰণৰ সুৰা বিক্ৰী কৰিব নোৱাৰিব।কামৰূপ মেট্ৰ’ ৰ জিলা প্ৰশাসনে এক নিৰ্দেশৰ জৰিয়তে এই কথা ঘোষণা কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মেট্ৰ’ত দেওবাৰে “ড্ৰাই ডে” হিচাপে পালন কৰা হ’ব।

উল্লেখ্য যে কামৰূপ মেট্ৰ’ ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে জনোৱা অনুসৰি, অসমৰ আবকাৰী বিধি , ২০১৬ৰ নিয়ম- ৩২৬(খ) ৰ অধীনত ২৪ ছেপ্টম্বৰৰ দিনটোত “ড্ৰাই ডে” হিচাপে গণ্য কৰা হ’ব। এই বিধি অনুসৰি কামৰূপ মহানগৰ জিলা ক্লাব ‘অন’ আৰু কান্ট্ৰী স্পিৰিট দোকানকে ধৰি সকলো পাইকাৰী বণ্ডেত ৱেৰহাউচ সকলো দোকান বন্ধ থাকিব। বৰং এই আদেশ কোনোৱে উলাংঘ কৰিলে অসম আবকাৰী আৰু নিয়মৰ প্ৰাসংগিক বিধান অনুসৰি শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব।

media school
Leave A Reply

Your email address will not be published.