ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও ২০২৩ হিচাপে নিৰ্বাচিত বিশ্বনাথ ঘাট

0 237

ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে স্বীকৃতি লাভ কৰিছে বিশ্বনাথ ঘাটে। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি ২০২৩ বৰ্ষৰ ভাৰতৰ পৰ্যটন মন্ত্ৰালয়ে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাটক নিৰ্বাচিত কৰিছে। ইয়াৰ বাবে পৰ্যটন বিভাগলৈ দেশৰ মুঠ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭৯১ খন আৱেদন আহিছিল।

ইয়াৰ ভিতৰত বিশ্বনাথ ঘাট নিৰ্বাচিত হয়। বিশ্বনাথ ঘাটলৈ এই স্বীকৃতিয়ে অসম চৰকাৰে অসমত গ্ৰাম্য পৰ্যটনৰ প্ৰচাৰৰ বাবে লোৱা বৃহৎ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

media school
Leave A Reply

Your email address will not be published.