শুনিলে আপোনাৰো গা জিকাৰ খাই উঠিব,১৪ মহলাৰ পৰা পেলাই দিলে ৩৯ দিনীয়া কন্যা সন্তানক,আঁৰৰ কাহিনী কি জানেনে?

0 251

এটা অট্টালিকাৰ প্ৰথম মহলাৰ খিৰিকিৰ ঢাপত পৰি আছে এটি দেৱশিশু।আধামৰা কণমানিটিক দেখা মাত্ৰকে চাৰিওপিনে লাগিল হুৱা-দুৱা।তাৰ পাছতেই বাজি উঠিল পুলিচ কণ্ট্ৰল ৰুমৰ ফোন। ফোনত আঘাতপ্ৰাপ্ত শিশু উদ্ধাৰৰ খবৰ শুনা মাত্ৰকে ঘটনাস্থলীলৈ ৰাওনা হ’ল আৰক্ষী। লৰালৰিকৈ শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিলে আৰক্ষীয়ে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰিলে চিকিৎসকে

মৃত শিশুটি মৰ্গত থৈ পিতৃ-মাতৃৰ সন্ধানত ব্যস্ত হ’ল আৰক্ষী। অৱশেষত আৰক্ষীয়ে কাষৰে অট্টালিকাৰ ১৪ মহলাৰ এঘৰত বিচাৰি উলিয়ালে শিশুটিৰ মাতৃক। তাৰ পাছতে পোহৰলৈ আহিল এক নৃশংস কাহিনী।১৪ মহলাৰ পৰা ৩৯ দিনীয়া কন্যা সন্তানক নিজ হাতে মাতৃয়ে দলি মাৰি দিয়াৰ নৃশংস কাহিনী। যি কাহিনী শুনি হতবাক খোদ আৰক্ষী।

ঘটনাটো মুম্বাইৰ পশ্চিম মুলুন্দৰ জাভেৰী ৰোডৰ। পুৱা চাৰে ছয় বজাতে মাতৃয়ে ১৪ মহলাৰ পৰা তললৈ পেলাই দিছিল ৩৯দিনীয়া কন্যা সন্তানক। তাৰ ডেৰ ঘণ্টাৰ পাছত প্ৰতিবেশীৰ প্ৰথম মহলাৰ খিৰিকিৰ ঢাপত উদ্ধাৰ হৈছিল শিশুটি। কিন্ত্ত কিয় এই পাষাণ ৰূপ জন্মদাত্ৰীৰ?

এবছৰ পূৰ্বে ৮মহীয়া পুত্ৰ সন্তানৰ মৃত্যুৱে মন ভাঙি দিছিল মহিলাৰ। তাৰ কিছুদিন পাছতে মৃত্যু হৈছিল পিতৃৰ। ওপৰাউপৰিকৈ ঘটি যোৱা দুটা ঘটনাত ভিতৰৰ পৰা ভাঙি গৈছিল মহিলাগৰাকী। কিন্তু তেনে অৱস্থাতে পুনৰ গৰ্ভধাৰণ কৰিছিল মহিলাই। তেতিয়াই চুৰাটৰ স্বামীগৃহৰ পৰা মুম্বাইৰ পশ্চিম মুলুন্দৰ জাভেৰী ৰোডত থকা মাকৰ কাষলৈ গুচি আহিছিল মহিলাগৰাকী। মাকৰ ঘৰতে মহিলাই জন্ম দিছিল এটি কন্যা সন্তানৰ।কিন্তু জন্মৰ ৩৯ দিনৰ পাছত সন্তানক নিজ হাতে চৰম পথ দেখুৱাই দিলে মাতৃয়ে। ডিপ্ৰেচনৰ বলি হৈ ৩৯ দিনীয়া কন্যা সন্তানক নিজ হাতে হত্যা কৰা মহিলাগৰাকী বিশেষভাৱে সক্ষম।

জন্মৰে পৰা অকামিলা মহিলাৰ কাণ আৰু জিভা। মহিলাৰ দৰে স্বামীও শুনা আৰু কথা কোৱাত অক্ষম। প্ৰথম সন্তানৰ মৃত্যুৰ পাছত বিশেষভাৱে সক্ষম এই দম্পতীৰ জীৱনলৈ নামি আহিছিল চৰম বিভীষিকা।কিন্তু তাৰ পাছতো দুনাই পিতৃ হোৱাৰ মন মেলিছিল স্বামীয়ে। পাছে মাতৃ হ’বলৈ ডিপ্ৰেচনক জয় কৰিব নোৱাৰিলে মহিলাই। তদন্তত এটাৰ পাছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পাছত হতচকিত হৈছে মুম্বাই আৰক্ষী। ৩৯ দিনীয়া শিশুৰ মৃত্যুক লৈ প্ৰথমে দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰা আৰক্ষীয়ে শেহতীয়াকৈ ৰুজু কৰিছে হত্যাৰ গোচৰ। হত্যাৰ গোচৰত অভিযুক্ত কৰিছে খোদ মাতৃগৰাকীক। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ঘাতক মাতৃক।

media school
Leave A Reply

Your email address will not be published.