উত্তৰ–পূবৰ বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ! অৰুনাচল প্ৰদেশত তিনিটা নতুন বিমান পথ কাৰ্যকৰী কৰা হ’ব
উত্তৰ–পূবৰ বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ।অক্টোবৰৰ ভিতৰত নতুনকৈ তিনিটা বিমান পথ লাভ কৰিব অৰুণাচল প্ৰদেশে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ঘোষণা কৰিছে যে চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত অৰুণাচল প্ৰদেশত তিনিটা নতুন বিমান পথ কাৰ্যকৰী কৰা হ’ব।
দেশৰ পূব প্ৰান্তৰ ইটানগৰৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীৰ লগতে ইটানগৰ আৰু অসমৰ যোৰহাট আৰু পূব ছিয়াং জিলাৰ ৰুকচিনৰ পৰা ইটানগৰৰ মাজত নতুন বিমান সেৱা আৰম্ভ হ’ব।মন্ত্ৰী সিন্ধিয়াই আৰু কয় যে কেন্দ্ৰৰ উৰাণ-৫ আঁচনিৰ অধীনত এই নতুন পথ পৰিচালনা কৰা হ’ব। সৰু সৰু আঞ্চলিক বিমানবন্দৰ গঢ়ি তোলাৰ লক্ষ্যৰে সংযোগ আঁচনি হিচাপে অঞ্চলটোৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল যাতে দেশৰ পূব প্ৰান্তৰ সাধাৰণ নাগৰিকসকলে বিমান সেৱাৰ সুবিধা সহজে লাভ কৰিব পাৰে।
ইতিমধ্যে তেজু বিমানবন্দৰত বিমান মন্ত্ৰীগৰাকীয়ে বৰ্ধিত ৰাণৱে, নতুন এপ্ৰ’ন, নতুন টাৰ্মিনেল বিল্ডিং, অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন, এটিচি টাৱাৰ উদ্বোধন কৰে। প্ৰায় ১৭০ কোটি টকা ব্যয় সাপেক্ষে এই আন্তঃগাঁথনি নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে।
২১২ একৰ ভূমিত এই বিমানবন্দৰটোৱে এ টি আৰ-৭২ ধৰণৰ বিমানৰ সেৱা সাধাৰণ ৰাইজৰ যোগাযোগৰ বাবে চলাবলৈ সক্ষম হ’ব।
বৰ্তমানে এলায়েন্স এয়াৰ আৰু ফ্লাইবিগ এয়াৰলাইন্সৰ নিয়মীয়াকৈ নিৰ্ধাৰিত বিমান সেৱাৰ জৰিয়তে ডিব্ৰুগড়, ইম্ফল আৰু গুৱাহাটীৰ সৈতে সংযোগ স্থাপন কৰা হৈছে এই বিমানবন্দৰটো।ইয়াত আৰু অধিক অৰ্থাৎ ৩০০ যাত্ৰীৰ পিক আৱাৰত সেৱা দিয়াৰ ক্ষমতা বৰ্তমান আছে।
ইয়াৰ বৰ্তমান পাঁচটা চেক-ইন কাউণ্টাৰ আছে আৰু অতি সোনকালে ইয়াত আঠটালৈ চেক ইন কাউণ্টাৰৰ সেৱা দিয়াৰ বাবে কাউণ্টাৰ বৃদ্ধি কৰা হ’ব।