ৰাহুলে নিদ্ৰা হৰণ কৰিছে বদৰুদ্দিন আজমলৰ, আজমলে বিচাৰিছে নতুন সাৰথি, কাৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব আজমলে?
আলৈ-আথানি হৈছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। লোকসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত কাৰ বোকোচাত উঠিব তাকে ভাবি একো উৱাদিহ পোৱা নাই বদৰুদ্দিন আজমলে। ভূপেন বৰাক ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ নাম লৈ হেঁচা প্ৰয়োগৰ চেষ্টা কৰা বদৰুদ্দিন আজমলৰ সকলো অংকত চেঁচা পানী ঢালিলে কংগ্ৰেছৰ কাণ্ডাৰী ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে বদৰুদ্দিন আজমলৰ AIUDF দলৰ সৈতে কোনো সম্পৰ্ক নাই কংগ্ৰেছ দলৰ। দেওবাৰে ৰাহুল গান্ধীয়ে এই কথা কোৱাৰ পিছতে নিদ্ৰা হৰণ হৈছে আজমল বাহিনীৰ।
দৰাচলতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আহিছিল আজমলে। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ হোৱা নাছিল AIUDFৰ। সেই সময়ত আজমলে কৈছিল-‘মিত্ৰতাৰ কথা আমি গুৱাহাটীত নাপাতো। আমাৰ মিত্ৰতা হ’ব দিল্লীত।”
এক কথাত আজমলে বুজাব বিচাৰিছিল যে ভূপেন বৰাই নকৰিলেও দিল্লীত ছেনিয়া–ৰাহুলে AIUDFৰ সৈতে মিত্ৰতা কৰিবই। আজমলে হয়তো ভাবিছিল যে সংখ্যালঘু ভোটৰ তাড়নাত পৰি এ আই চি চিয়ে AIUDFৰ সৈতে মিত্ৰতা কৰিবই। কিন্তু আজমলৰ স্বপ্নভংগ কৰিলে ৰাহুল গান্ধীয়ে।ৰাহুল গান্ধীয়ে শেহতীয়াকৈ স্পষ্টকৈ ঘোষণা কৰিলে যে AIUDF দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ কোনো সম্ভাৱনা নাই।অৱশেষত ৰাহুল গান্ধীয়েও মুখ বন্ধ কৰি দিলে AIUDFৰ।
কেৱল অসমত কংগ্ৰেছৰে নহয়, দেশত বিৰোধী I.N.D.I.A. ব্লকতো নাই আজমলৰ দল AIUDF। I.N.D.I.A.ৰ বৈঠকলৈ নিমন্ত্ৰণ কৰা নহ’ল বদৰুদ্দিন আজমলক।অসমতো ১২ দলীয় বিৰোধী মিত্ৰজোঁটৰ ভিতৰত নাই আজমলৰ দল। এক কথাত একাষৰীয়া হৈছে আজমলৰ AIUDF দল।
২০২১ৰ বিধানসভা নিবাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আজমলৰ দল লাভান্বিত হোৱাৰ বিপৰীতে লোকচানৰ সন্মুখীন হৈছিল কংগ্ৰেছ দল। AIUDFৰ সৈতে মিত্ৰতাৰ বাবে বিশেষকৈ উজনি অসমত কংগ্ৰেছৰ বৃহৎ লোকচান হৈছিল।যাৰবাবে ২০২৪ চনৰ নিৰ্বাচনত কোনোপধ্যেই AIUDFৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ।
কাৰ শৰণাপন্ন হ’ব আজমল ?
এতিয়া কাৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব আজমল?আজমলে এতিয়া পিছদুৱাৰেদি পুনৰ বিৰোধী ব্লক ইণ্ডিয়া এলায়েন্সত সোমোৱাৰ চেষ্টা কৰিব নেকি? মমতা বেনাৰ্জী বা নিতীশ কুমাৰৰ নেজত ধৰি AIUDF দলে বিৰোধী ইণ্ডিয়াত সোমাই নিজৰ বল বৃদ্ধিৰ চেষ্টা কৰিব নেকি? নে সঁচাকৈয়ে একলা চলো নীতিয়েই মানিব নেকি আজমলে? নে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি AIUDF দলে?