মৰ্মান্তিক! হাস্পতালত এ.চিৰ বাবে অতিপাত ঠাণ্ডাত প্ৰাণ গ’ল দুই নৱজাতকৰ

0 242

গৰমত এয়াৰ কণ্ডিচনাৰ লগোৱাতো তেনেই সাধাৰণ কথা।পিছে কেতিয়াবা এয়াৰ কণ্ডিচনাৰেই হ’ব পাৰে প্ৰাণনাশী! অসাৱধানতাৰ বাবে তেনেই সাধাৰণ যেন লগা ঘটনাই কেতিয়াবা ঘটাব পাৰে অঘটন। এই ঘটনাটোও তেনেকুৱাই। গাৰ নোম শিয়ৰি তোলা এটা ঘটনা। এজন চিকিৎসকৰ কাণ্ডজ্ঞানহীন কাণ্ডই প্ৰাণ কাঢ়িলে দুটিকৈ নৱজাতকৰ।

এখন ব্যক্তিগত চিকিৎসালয়ৰ শিশু চিকিৎসাৰ কোঠাত নিশা শুৱাই থৈ যোৱা দুটিকৈ নৱজাতকৰ পুৱা চেঁচা পৰা নিথৰ দেহহে পালে অভিভাৱকে। কাৰণ একেটা কোঠাতে ফুল এচি দি নিজে কাপোৰ লৈ শুই পৰিছিল চিকিৎসক। আৰু ঠাণ্ডাতে নিথৰ হৈ পৰে নৱজাতক দুটি।

ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ছামলী জিলাৰ কৈৰাণা নামৰ অঞ্চলত। শনিবাৰে কৈৰাণাৰ এখন চৰকাৰী চিকিৎসালত এগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে দুটিকৈ সন্তান। চিকিৎসকে নৱজাতক দুটিৰ প্ৰয়োজনীয় চিকিৎসা তথা সা-সুবিধাৰ বাবে অভিভাৱকক কাষতে থকা ব্যক্তিগত ক্লিনিকলৈ নিবলৈ পৰামৰ্শ দিয়ে।  চৰকাৰী হাস্পতালত প্ৰয়োজনীয় চিকিৎসা তথা সা-সুবিধা নাপাব বুলিয়ে নৱজাতক দুটিক অভিভাৱকে শনিবাৰে নিশাই কাষতে থকা এখন ব্যক্তিগত ক্লিনিকত ভৰ্তি কৰায়।

media school
Leave A Reply

Your email address will not be published.