T2I ত দ্ৰুততম অৰ্ধশতক অৰ্জনৰ ৰেকৰ্ড গঢ়িলে নেপালৰ দীপেন্দ্ৰ সিঙে

0 121

টি-২০ ত ১৬ বছৰীয়া ৰেকৰ্ড ভংগ হ’ল ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ।বুধবাৰে এছিয়ান গেমছত মাথোঁ ৯টা বলতে অৰ্ধশতক অৰ্জন কৰে নেপালৰ দীপেন্দ্ৰ সিঙে। উল্লেখ্য যে, দীপেন্দ্ৰ সিঙে ৯টা বলত ৫০ ৰাণ সংগ্ৰহ কৰি গঢ়িলে নতুন ৰেকৰ্ড। ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলত যুৱৰাজ সিঙে ১২ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰি অভিলেখ গঢ়িছিল সেয়া ভংগ কৰিলে নেপালৰ দীপেন্দ্ৰ সিঙে।

এই খেলখনত নেপালে মংগোলিয়াৰ বিৰুদ্ধে ৩১৪/৩ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি ৩৪ টা বলত শতক অৰ্জন কৰা কুশল মাল্লা টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা নেপালৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

এই সাফল্য কেৱল দীপেন্দ্ৰ সিঙৰ নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিযোগিতামূলক শক্তি হিচাপে উদীয়মান নেপালৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ২৪ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে অভিলেখ গঢ়ি ক্ৰিকেট জগতত নিজৰ নাম খোদিত কৰিলে

Leave A Reply

Your email address will not be published.