৫ টা স্বৰ্ণ পদক ৫টা ৰূপৰ পদকেৰে এছিয়ান গেমছৰ ষষ্ঠ স্থানত ভাৰত
ভাৰতৰ Dressage Teamএ মঙলবাৰে এছিয়ান গেমছত ৪১ বছৰৰ পিছত স্বৰ্ণ পদক জয় কৰিছে। মঙলবাৰে অনুষ আগৰৱালা, হৃদয় বিপুল, দিব্যাকৃতি আৰু সুদিপ্তি হাজেলাৰ ভাৰতীয় দলে ঐতিহাসিক সোণৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰে।
বৰ্তমানলৈকে এছিয়ান গেমছত ভাৰতে ২০টা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৫টা স্বৰ্ণ পদক, ৫টা ৰূপৰ পদক আৰু ১০টা ব্ৰঞ্জৰ পদক।
আনহাতে, ভাৰতে স্কীট-৫০ দলৰ পুৰুষৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক দখল কৰিছে। ভাৰতীয় মহিলা হকী দলে পুল এ-ত ছিংগাপুৰৰ বিৰুদ্ধে ১৩-০ ৰ বিশাল জয়েৰে অভিযান আৰম্ভ কৰে।
ভাৰতে ষষ্ঠ স্থানৰ লাভ কৰাৰ পিছত বৰ্তমানো ভাৰতে এছিয়ান গেমছত জয়যাত্ৰা অব্যাহত ৰাখিছে। ৬১ টা স্বৰ্ণ পদক লাভ কৰি শীৰ্ষ স্থান দখল কৰে চীনে।