হিংসাজৰ্জৰ মণিপুৰক পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা

0 221

হিংসাজৰ্জৰ মণিপুৰক পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে। পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এএফএচপিএৰ মাদ্যা।

উল্লেখ্য যে, মেইটৰ ২ শিক্ষাৰ্থী অপহৰণ আৰু হত্যাৰ ভিডিঅ’ ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছতে পোহৰলৈ আহিছিল। তাৰ পাছতে ৰাজ্যখনত পুনৰ অধিক উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি।

ইয়াৰ উপৰিও মণিপুৰত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ কথা পোহৰলৈ আহি আছে। ইয়াৰ পৰিপেক্ষিতত এতিয়া বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে। মণিপুৰৰ অশান্ত পৰিস্থিতক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

মণিপুুৰৰ এনে পৰিস্থিত প্ৰতি লক্ষ্য ৰাখি পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে মণিপুৰক।

media school
Leave A Reply

Your email address will not be published.