পুনৰ নীলাচল উৰণসেতুত শিহৰণকাৰী দুৰ্ঘটনা

0 70

পুনৰ নৱ নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে মালিগাঁৱস্থিত উৰণসেতুখনত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লোকৰ।

অৱশ্যে বৰ্তমানলৈ নিহত লোকজনৰ পৰিচয় সম্পৰ্কে জানিব পৰা নাই। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ চলকজনে পলায়ন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি তীব্ৰ বেগেৰে আহি আছিল ট্ৰাকখন। তীব্ৰ বেগী ট্ৰাকখনে এখন চিটি বাছসহ ৪খনকৈ বাইক মহতিয়াই নিয়ে। যাৰ ফলত কেইবাজনো আহত হয় লগতে উদণ্ড ট্ৰাকচালকে খুন্দিয়াই ভাঙি পেলালে উৰণসেতুৰ বিদ্যুতৰ খুঁটা। ইয়াৰ পূৰ্বেও মালিগাঁৱস্থিত নীলাচল উৰণসেতুত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত উৰণসেতুখনৰ ক্ষতিসাধন হয়।

media school
Leave A Reply

Your email address will not be published.