আজি বিশ্ব খাদ্য দিৱস
আজি বিশ্ব খাদ্য দিৱস। প্ৰতিবছৰে ১৬ অক্টোবৰত বিশ্ব খাদ্য দিৱস উদযাপন কৰা হয়।
ক্ষুধাত ভুগি থকা লোকসকলৰ বাবে সজাগতা বিয়পোৱাৰ উদ্দেশ্যেত পালন কৰা হয় বিশ্ব খাদ্য দিৱস ।
এই দিনটোত স্থানীয় পৰ্যায়ত সকলোকে পুষ্টিহীনতাৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হয়। বিশ্ব খাদ্য দিৱসত ক্ষুধাতুৰসকলৰ বিষয়ে সংবেদনশীল কৰাৰ বাবে নাৰ্ছ, প্ৰচাৰ মাধ্যম, সাধাৰণ জনসাধাৰণ আৰু চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।
১৯৪৫ চনৰ ১৬ অক্টোবৰত স্থাপন হৈছিল ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফএও)।
১৯৮১ চনৰ ১৬ অক্টোবৰত এই সংগঠনৰ সদস্য দেশসমূহে বিশ্ব খাদ্য দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰা বিশ্ব খাদ্য দিৱস আজিৰ দিনটোত পালন কৰা হৈ আছে।
এই বছৰ বিশ্ব খাদ্য দিৱসৰ মূল বিষয় হৈছে ‘বৃদ্ধি, পুষ্টিসাধন, নিৰ্বাহ। একেলগে। আমাৰ পদক্ষেপেই আমাৰ ভৱিষ্যৎ।’ (Grow, Nourish, Sustain. Together. Our actions are our future.)
এফ.এ.ওৰ ৱেবছাইট অনুসৰি, এই বছৰৰ বিশ্ব খাদ্য দিৱস ক’ৰোনা ভাইৰাছৰ ভুক্তভোগীসকলৰ বাবে উৎসৰ্গিত। এই বছৰ কোনো মহামাৰীৰ সৈতে যুঁজ দিবলৈ খাদ্য আৰু কৃষি কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে লোকসকলক সজাগ কৰা হৈছে।