আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন

0 211

আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন। ১৯৩৪ চনৰ ৩ অক্টোবৰ তাৰিখে কলিকতাত জন্ম গ্ৰহণ কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেয়ে। গোৱালপৰীয়া লোকসংগীত “হস্তীৰ কন্যা” গীতেৰে খ্যাতি অৰ্জন কৰা প্ৰতিমা বৰুৱা পাণ্ডে আছিল প্ৰখ্যাত হাতী চিকাৰী তথা প্ৰকৃতিপ্ৰেমী প্ৰকৃতিশ বৰুৱা আৰু মাতৃ মালতীলতা বৰুৱাৰ কন্যা। বাংলা চলচ্চিত্ৰ ‘দেৱদাস’ খ্যাত প্ৰমাথেশ বৰুৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ তেওঁ ভতিজী আছিল।

প্ৰতিমা পাণ্ডে বৰুৱাই বিভিন্ন উপাধি সন্মান আদি লাভ কৰাৰ উপৰিও ১৯৮৯ চনত তেওঁ ‘সংগীত নাটক একাডেমী’ বঁটা আৰু ১৯৯১ চনত ভাৰত চৰকাৰৰ সন্মানীয় ‘পদ্মশ্ৰী’ বঁটা লাভ কৰে। গোৱালপৰীয়া লোকগীতৰ জগতখনক আজি দানৰাও কলা, বেইল মাচে খেলি কৰে, ডুং নৰি ডুং, এক বাৰ হৰি ব’লৌ ৰচনা, কমলা সুন্দৰী নাচে, অ’ বিৰিখ, মাটিৰ মানুস আদি একাধিক গীতৰ উপহাৰ দি গৈছে। কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে।

media school
Leave A Reply

Your email address will not be published.