জি পি সিঙৰ আহ্বানঃআমাক জনাওক মৃতদেহ ক’ত এৰি থৈ গৈছে আমি ঘুৰাই আনিম

0 199

মঙলবাৰে আলফা (স্বাঃ)ৰ শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰ বিয়পি পৰা লগে লগে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইট কৰি কৈছিল যে ” জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক- যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে। তাৰ পাছতে জি পি সিঙে মৃতদেহ কেইটা ঘূৰাই দিবলৈও আহ্বান জনাইছিল।

আজি পুনৰ সামাজিক মাধ্যমৰ জৰিয়তে জি পি সিঙে মৃতদেহ ঘুৰাই দিবলৈ আহ্বান জনায়।লগতে চৰকাৰৰ সৈতে সমন্বয় কৰি মৃতদেহ কেইটা ঘূৰাই আনিম অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক’ত এৰি থৈ গৈছে বুলি সামাজিক মাধ্যমৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

উল্লেখ্য যে মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা (স্বাঃ)য়ে দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ কথা স্বীকাৰ কৰে।

media school
Leave A Reply

Your email address will not be published.