ৰাহুল গান্ধী নহয়, I.N.D.I.A.ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত শক্তিশালী অৰবিন্দ কেজৰিৱাল!

0 28

আগন্তুক ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDAক পৰাভূত কৰিবলৈ ভাৰতত একত্ৰিত হৈছে বিৰোধী ৰাজনৈতিক শক্তি। বিৰোধী ৰাজনৈতিক শক্তিসমূহে ঐক্যবদ্ধভাৱে I.N.D.I.A. নামৰ এক জোটবন্ধনেৰে লোকসভাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA ক পৰাভূত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে।বৰ্তমানলৈকে I.N.D.I.A.ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়ে বৰ্তমানলৈকে সঠিক সিদ্ধান্ত ল’ব পৰা নাই বিৰোধী মিত্ৰজোঁটে।

I.N.D.I.A.ৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ৰাহুল গান্ধীৰ লগতে চৰ্চাত আছে  অৰবিন্দ কেজৰিৱাল, নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীৰ নাম ।বৰ্তমানলৈকে সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ শীৰ্ষত আছে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

টুইটাৰত মোডীৰ ৯ কোটি ২০ লাখ ১০ হাজাৰ অনুগামী থকাৰ বিপৰীতে ফেচবুকত ৪ কোটি ৮০ লাখ অনুগামী আছে। ইয়াৰ বিপৰীতে I.N.D.I.A.ৰ সামাজিক মাধ্যমত সৰ্বাধিক জনপ্ৰিয় নেতাগৰাকী হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ টুইটাৰত ২ কোটি ৭০ লাখ অনুগামী থকাৰ বিপৰীতে ফেচবুকত আছে ৯০ লাখ ২০ হাজাৰ অনুগামী।

টুইটাৰত ৰাহুল গান্ধীৰ ২কোটি ৪ লাখ অনুগামী থকাৰ বিপৰীতে ফেচবুকত ৬০ লাখ ৮০ হাজাৰ অনুগামী আছে। আনহাতে সামাজিক মাধ্যমত ৰাহুল গান্ধীক জনপ্ৰিয়তাৰ দিশত পিছ পেলাইছে বিজেপিৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও। যোগী আদিত্যনাথৰ টুইটাৰত ২ কোটি ৬০ লাখ ৬০ হাজাৰ অনুগামী থকাৰ বিপৰীতে ফেচবুকত ৭০ লাখ ৬ হাজাৰ অনুগামী আছে।

সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ ওপৰত যদি I.N.D.I.A. ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী থিৰাং কৰা হয় তেনহ’লে সন্মিলিত বিৰোধী শক্তিৰ নেতৃত্বৰ দৌৰত ৰাহুল গান্ধী, নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীক পিছ পেলাই অৰবিন্দ কেজৰিৱালেই I.N.D.I.A.ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ কথাও ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

Leave A Reply

Your email address will not be published.