এছ আই’ কেলেংকাৰী;জেৰাত বিস্ফোৰক স্বীকাৰোক্তি কুমাৰ সঞ্জিত কৃষ্ণৰ

0 558

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই চিআইডিৰ জেৰাত বিষ্ফোৰক স্বীকাৰোক্তি দিছে।৪০ লাখ টকাৰ বিনিয়মত যোগান ধৰা হৈছিল প্ৰশ্ন কাকত।ৰুবুল হাজৰিকাৰ সৈতে প্ৰশ্ন কাকতৰ চুক্তি কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে ।কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ বাংলোত লেন-দেন হৈছিল উক্ত টকাখিনি।উল্লেখ যে গুৱাহাটীৰ পৰা প্ৰশ্ন কাকত কঢ়িয়াই লৈ যোৱা ৰিজাৰ্ভৰ বিষয়াক ধৃত কৃষ্ণৰ দেহৰক্ষীয়ে ফোন কৰি প্ৰশ্ন টোপোলা বাংলোলৈ নিয়াৰ বাবে নিৰ্দেশ দিছিল।ৰাতিটো এছ পি বাংলোতে থোৱা হৈছিল।চিআইডিৰ সন্মুখত এছপিগৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি ১৮ ছেপ্টেম্বৰৰ দিনাই হৈছিল প্ৰশ্ন কাকতৰ চুক্তি।অক্ষয় চান্দ বৈদ্যৰ বাহনেৰে ধৃত ৰুবুল হাজৰিকা উপস্থিত হৈছিল এছ পি বাংলোত।প্ৰশ্ন কাকতৰ চুক্তিৰ বাবে যোৱা ৰুবুল হাজৰিকা আৰু গাড়ী চালক কৰিমগঞ্জ আৰক্ষী অতিথিশালাত আছিল।

media school
Leave A Reply

Your email address will not be published.