ছিকিমৰ পৰা গুৱাহাটীত সুকলমে উপস্থিত হ’ল ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰী

0 167

ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰলয়ৰ সৃষ্টি হোৱা ছিকিমৰ পৰা সুকলমে উভতাই অনা হ’ল অসমৰ প্ৰায় ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰী। ছিকিমৰ মহাপ্ৰলয়ৰ পাছত আৱদ্ধ হৈ পৰিছিল শিক্ষাৰ্থীসকল।তাৰ পাছতে দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত উভতাই অনা হৈছে ছিকিমত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলক।

সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীস্থিত ৰেডিশ্যন ব্লু উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

জানিব পৰা মতে, ছিকিমত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬খন বাছ মোতায়েন কৰা হয়। জানিব পৰা মতে, অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ছিকিম মণিপাল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।
উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ছিকিমত আৱদ্ধ হৈ থকা ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলক উভতাই অনা প্রক্রিয়া চোৱাচিতা কৰিবলৈ দুজন জ্যেষ্ঠ বিষয়াক প্রেৰণ কৰিছিল।

Leave A Reply

Your email address will not be published.