কংগ্ৰেছ দলৰ ব্যস্ততাৰ বাবে বিয়াত বহা কংগ্ৰেছ যুৱৰাজে ৰাহুল গান্ধীয়ে

0 213

ৰাহুল গান্ধীৰ বিবাহক লৈ প্ৰায়েই প্ৰশ্ন উত্থাপন হয়। ইয়াৰ মাজতে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে তেওঁ নিজৰ কামত আৰু কংগ্ৰেছ দলৰ লগত ইমান ব্যস্ত হৈ পৰিছে যে তেওঁ বিবাহৰ কথা ভাবিবই নোৱাৰে। জয়পুৰৰ মহাৰাণী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা কথা-বতৰাত এই উত্তৰ দিয়ে গান্ধীয়ে।

ৰাহুল গান্ধীয়ে অলপতে মহাবিদ্যালয়খন পৰিদৰ্শন কৰিছিল আৰু তাত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত অংশ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ সৈতে স্কুটিও চলাইছিল ৰাহুল গান্ধীয়ে।

এই সংলাপৰ সময়ত এজন শিক্ষাৰ্থীয়ে সুধিছিল, ছাৰ, আপুনি ইমান স্মাৰ্ট, আপোনাক ইমান ভাল দেখাত। তেন্তে বিবাহৰ বিষয়ে কিয় চিন্তা নকৰে? ইয়াৰ উত্তৰত তেওঁ কয় যে, মই মোৰ নিজৰ কাম আৰু কংগ্ৰেছ দলৰ বাবে ব্যস্ত হৈ পৰিছো।

জাতি গণনাৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয় যে, তেওঁ জাতিগত লোকপিয়ল সমৰ্থন কৰে। কিয়নো অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), দলিত আৰু জনজাতীয় সম্প্ৰদায়ৰ বিষয়ে জনাত ই এক্সৰে দৰে কাম কৰিব। কোনোৱে নাজানে কিমান অবিচি আৰু সাধাৰণ শ্ৰেণীৰ লোক আছে। গতিকে ই অতি প্ৰয়োজনীয়।

media school
Leave A Reply

Your email address will not be published.