নগাঁৱৰ তদানীন্তন SP লীনা দলেৰ সন্মুখত আন এক বিপদ

0 251

নগাঁৱৰ তদানীন্তন SP লীনা দলেৰ সন্মুখত আন এক বিপদ। আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব লীনা দলে।১২ অক্টোবৰত ঘটনা সন্দৰ্ভত লীনা দলেৰ লগতে ১৭জন আৰক্ষীক জেৰা চলাব। অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হ’ব লাগিব হাজিৰ।

উল্লেখ্য যে, ২০২২ চনৰ ২১ মে’ৰ দিনা বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাবে বটদ্ৰৱা শালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু হোৱা ঘটনাৰ সুযোগলৈ একাংশ দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা থানা জ্বলাই দিছিল ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়।

বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ পিছতে নগাঁও আৰক্ষীয়ে শালনাবড়িত থকা ছফিকুল ইছলামৰ ঘৰ ভাঙি পেলাইছিল। আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু ছফিকুল ইছলামৰ বাসগৃহ ভাঙি পেলোৱাৰ সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত কমিটিৰ ওচৰত কাইলৈ হঠাৎ ১২ অক্টোবৰত হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন আৰক্ষী বিষয়াসকল ৷

জানিব পৰা মতে, আৰক্ষী বিষয়াসকলে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকৰ সভাগৃহত এজনীয়া তদন্ত কমিটিৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব।

Leave A Reply

Your email address will not be published.