২৭ লাখ ৬ হাজাৰলৈ বৃদ্ধি হ’ল ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা
১০ নৱেম্বৰত অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব ১,২৫০ টকাকৈ৷ যিটো স্বাভাৱিকতে ৰাজ্যৰ লাখ লাখ গৃহিণীলৈ আনিছে ভাল খবৰ৷ শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ মহিলা সবলীকৰণৰ উদ্দেশ্যে বিশেষ আঁচনি অৰুণোদয়ত অন্তৰ্ভুক্ত হ’ল ১০ লাখ ৫৪ হাজাৰ হিতাধিকাৰী৷
ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনিখনত অন্তৰ্ভুক্ত হৈ আনন্দত আত্মহাৰা হিতাধিকাৰীসকল৷ ২ লাখ টকাৰ তলৰ উপাৰ্জন কৰা প্ৰতিগৰাকী মহিলা অন্তৰ্ভুক্ত হ’ব এই আঁচনিত৷ যদি এতিয়ালৈ সকলো অন্তৰ্ভুক্ত হোৱা নাই, তথাপি অৰুণোদয় ৩ত অন্তৰ্ভুক্ত হ’ব বুলি মন্তব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় এই আঁচনিয়ে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে ভৱিষ্যত দিনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ৷ পিছে, ৰাজ্য চৰকাৰে আগবঢ়োৱা এই ধনক লৈ সন্তুষ্ট নহয় বহুজন৷ হিতাধিকাৰীৰূপে চিহ্নিত হ’ল যদিও তেওঁলোকৰ দাবী অত্যধিক মূল্যবৃদ্ধিৰ বিপৰী়তে এই ধন যথেষ্ট কম ৷
চৰকাৰী সহায়ৰূপে আগবঢ়োৱা এই ধনেৰে আন সহায় নহ’লেও মাহিলী চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব বুলিও মন্তব্য কৰে একাংশ হিতাধিকাৰীয়ে৷ এনেদৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ একাংশৰ মুখত হাঁহি বিৰিঙিল যদিও একাংশৰ দেখা গ’ল ক্ষোভ ৷ বুধবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত একেসময়তে বিতৰণ কৰিলে অৰুণোদয় ২.০ কাৰ্ড
উল্লেখ্য যে ৰাজ্যৰ ২৭ লাখ ৬ হাজাৰ হিতাধিকাৰীক আগবঢ়োৱা মাহিলী টকাৰ বাবদ ৰাজ্য চৰকাৰৰ বাৰ্ষিক ৰাজকোষৰ ধন ব্যয় হব ৪১৪১ কোটি টকা৷ মহিলা সবলীকৰণৰ উদ্দেশ্যে আগবঢ়োৱা এই আঁচনিৰ জড়িয়তে মহিলাসকল প্ৰকৃততে কিমান আৰ্থিকভাৱে স্বচ্চল হয় সেয়া সময়তে লক্ষণীয় হ’ব ৷