পুনৰ এবাৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত মুকেশ আম্বানী

0 161

এইবাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ মুকুট পিন্ধোৱা হৈছে।

আদানী গ্ৰুপৰ অধক্ষ্য গৌতম আদানীক হৰুৱাই শীৰ্ষস্থান দখল কৰে মুকেশ আম্বানীয়ে।

এই তালিকাত মুকেশ আম্বানীয়ে ৮ লাখ কোটিতকৈ অধিক সম্পত্তিৰে প্ৰথম স্থানত আছে। হিণ্ডেনবাৰ্গৰ প্ৰাদুৰ্ভাৱৰ বাবে গৌতম আদানীৰ ধন-সম্পত্তি বৰ্তমান যথেষ্ট হ্ৰাস পাইছে।

হুৰুণ ইণ্ডিয়া আৰু ৩৬০ ৱান ৱেলথৰ যৌথভাৱে প্ৰকাশ কৰা এই হুৰণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৩ত শীৰ্ষ কোটিপতিসকলৰ লগতে এইবাৰ কোটিপতিৰ তালিকাত যোগদান কৰা নতুন মুখৰ কথাও উল্লেখ কৰা হৈছে। মুঠ ৮,০৮,৭০০ কোটি টকাতকৈ অধিক সম্পত্তিৰে এইবাৰ প্ৰথম স্থানত আছে মুকেশ আম্বানী এণ্ড ফেমিলি। হুৰুণৰ মতে, যোৱা বছৰৰ তুলনাত ৬৬ বছৰীয়া ভাৰতীয় কোটিপতি মুকেশ আম্বানীৰ সম্পত্তি ২ শতাংশ বৃদ্ধি পাইছে।

যোৱা বছৰ ধনী তালিকাত প্ৰথম স্থানত থকা গৌতম আদানীৰ এক নম্বৰ ধনীৰ মুকুট এইবাৰ মুকেশ আম্বানীৰ হাতলৈ গৈছে। আদানিৰ সম্পত্তি যোৱা বছৰৰ তুলনাত ৫৭ শতাংশ হ্ৰাস পাই ৪,৭৪,৮০০ কোটি টকা হৈছে।

media school
Leave A Reply

Your email address will not be published.