ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি

0 92

ডিজিটেল ডেস্ক: দেশৰ নিৰ্বাচনী আয়োগে সোমবাৰে ঘোষণা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। সেই অনুসৰি চত্তিশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত। একেদৰে মিজোৰামত ৭ নৱেম্বৰত, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত, আৰু তেলেংগানাত ৩০ নৱেম্বৰত আৰম্ভ হ’ব নিৰ্বাচনী যুঁজ।

অহা ৩ ডিচেম্বৰত ৰাজ্যকেইখনৰ নিৰ্বাচনৰ ভোটগণনা আৰু এই সন্দৰ্ভত নতুন দিল্লীত সাংবাদিকৰ আগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জনায় যে, ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে চুড়ান্ত বিধানসভা নিৰ্বাচন হিচাপে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব।

আয়োগে এই ৰাজ্যকেইখনত মুক্ত, নিকা আৰু প্ৰলোভনমুক্ত নিৰ্বাচন নিশ্চিত কৰিব বুলি নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সদৰী কৰে।উল্লেখ্য যে, এই ৰাজ্য পাঁচখনৰ প্ৰায় ১৬ কোটি ভোটদাতাৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰাৰ্থীসকলৰ ভৱিষ্যত।

ইয়াৰ ভিতৰত প্ৰায় ৬০ লাখ ভোটদাতাই প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে এই ৰাজ্যকেইখন পৰিদৰ্শন কৰি মুখ্য কাৰ্যবাহী বিষয়া, জিলা আৰু ৰাজ্যিক প্ৰশাসন তথা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰৱৰ্তন সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়।

এই ৰাজ্যকেইখনত ১৭ হাজাৰ ৭৩৪ টা আৰ্হি নিৰ্বাচন কেন্দ্ৰ থাকিব। আনহাতে ৰাজ্যকেইখনৰ মুঠ ৬৭৯ টা বিধানসভা সমষ্টিৰ বাবে ১ লাখ ৭৭ হাজাৰ ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ইয়াৰে ১ লাখ ভোটকেন্দ্ৰত ৱেবকাষ্টিংৰ সুবিধা উপলব্ধ হ’ব।

অৱশ্যে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি কৰা হৈছে।২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ নিৰ্বাচন।পূৰ্বে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ২৩ নৱেম্বৰ।উল্লেখ্য যে, ৭ নৱেম্বৰৰ পৰা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।৩ ডিচেম্বৰত ঘোষণা হ’ব ফলাফল।

Leave A Reply

Your email address will not be published.