মাত্ৰ ৫ বছৰত ১৩ কোটিতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছেঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0 161

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ পিথৌৰাগড়ৰ এখন ৰাজহুৱা সভাত ভাষণ দি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে চৰকাৰে দেশৰ প্ৰতিটো কোনত বাস কৰা লোকসকলৰ প্ৰতিও দায়বদ্ধ। মাত্ৰ ৫ বছৰত ১৩ কোটিতকৈ অধিক লোক দৰিদ্ৰতা মুক্ত হৈছে। ইয়াৰে একাংশ আপোনালোকৰ দৰে পাহাৰত বাস কৰে। গতিকে এয়াই উদাহৰণ যে ভাৰত দৰিদ্ৰতাৰ মুক্ত হব পাৰে।

ইয়াৰ উপৰিও মোডীয়ে কয় যে পূৰ্বতে গৰীবী হাটাও বুলি শ্লোগান দিয়া হৈছিল। ইয়াৰ অৰ্থ আছিল আপোনালোক আঁতৰি যাঁওক কিন্তু এতিয়া আমি সকলোৱে মিলি দৰিদ্ৰতা দূৰ কৰিম।

আজি বিশ্বত ভাৰতত প্ৰশংসা কৰা হয়। এটা সময় আছিল যেতিয়া সমগ্ৰ দেশতে হতাশাৰ পৰিৱেশ আছিল আৰু তাৰ পিছত প্ৰতিজন ভাৰতীয়ই ভাবিছিল যে দেশখনে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ পৰা মুক্তি পাব লাগে আৰু বিশ্বত ভাৰতৰ খ্যাতি বৃদ্ধি কৰিব লাগে বুলি ভাষণ প্ৰশংসাত উল্লেখ কৰে।

লগতে এতিয়া ভাৰত আগবাঢ়ি আছে। ইয়াৰ কৰ্তৃত্ব জনসাধাৰণক দি মোডীয়ে কয় যে জনপ্ৰিয়তা ভোটৰ জৰিয়তে ৩০ বছৰৰ পিছত কেন্দ্ৰত এখন স্থিৰ আৰু শক্তিশালী চৰকাৰ নিৰ্বাচিত কৰি এনে কৰিছে। এয়া হৈছে জনতাৰ ভোটৰ শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।

media school
Leave A Reply

Your email address will not be published.