ধ্বংসস্তুপত পৰিণত হ’ব নেকি আফগানিস্তান?

0 182

আফগানিস্তানত ধাৰাবাহিকভাৱে ভূমিকম্পৰ জোকাৰণি সংঘটিত হৈ আছে। আজি পুৱা আকৌ এবাৰ আফগানিস্তান ভূমিকম্পৰ ফলত কঁপি উঠে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৬ বুলি জুখিছে। ভূমিকম্পৰ গভীৰতা পৃথিৱীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ তলত আছিল।

শেহতীয়াকৈ আফগানিস্তানত কেইবাবাৰো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। যোৱা ৭ অক্টোবৰত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পূৰ্বেও ২০২২ চনৰ জুন মাহত ইয়াত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। আফগানিস্তানত যোৱা দুটা দশকৰ ভিতৰত এইটোৱেই আছিল আটাইতকৈ ভয়াৱহ ভূমিকম্প। এই ভূমিকম্পত ১০০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫০০ লোক আহত হয়।

উল্লেখ্য যে আফগানিস্তানত এয়া সপ্তাহৰ দ্বিতীয়টো ভূমিকম্প। ইয়াৰ পূৰ্বে ১১ অক্টোবৰত উত্তৰ-পশ্চিম আফগানিস্তানত ৬.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। একে সময়তে ৭ অক্টোবৰত পশ্চিম আফগানিস্তানত ৬.১ প্ৰাবল্যৰ দুটা ভূমিকম্পত বহু লোকৰ মৃত্যু হৈছিল। দুৰ্যোগ কৰ্তৃপক্ষৰ মুখপাত্ৰ মহম্মদ আব্দুল্লা জানে কয় যে ভূমিকম্প আৰু ইয়াৰ পিছৰ জোকাৰণিৰ ফলত হেৰাট প্ৰদেশৰ জেণ্ডা জান জিলাৰ চাৰিখন গাঁৱত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে।

Leave A Reply

Your email address will not be published.