ৰাজকুন্দ্ৰাৰ সৈতে উৰ্ফি জাৱেদ

0 1,207

বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰি আছে উৰ্ফি জাভেদ আৰু ৰাজ কুন্দ্ৰাই। দুয়োকে কেইদিনমান আগতেই একেলগে দেখা গৈছিল আৰু সেই সময়ত উৰ্ফীক ৰাজ কুন্দ্ৰাৰ দৰেই মুখখন ঢাকি ৰখা দেখিবলৈ পোৱা গৈছিল।

দুয়োকে এনেকৈ একেলগে দেখি অনুৰাগীসকল আচৰিত হোৱাৰ সময়তে উৰ্ফীয়ে শ্বেয়াৰ কৰিছে ৰাজৰ সৈতে আন এক নতুন ভিডিঅ’। ভিডিঅ’টোত দুয়োজনকে মাস্কেৰে মুখ ঢাকি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে। উৰ্ফিৰ হাতত দেখিবলৈ পোৱা গৈছিল এখন বাতৰি কাকত য’ত লিখা আছিল ‘টাইমছ অৱ ৰাজ’। এটা শিৰোনাম লিখা হৈছে যে মাস্ক মানুহে অৱসৰ লৈছে।

ৰাজ কুন্দ্ৰাৰ সৈতে উৰ্ফিৰ ভিডিঅ’ দেখি ট্ৰ’ল কৰি আছে এতিয়া নেটিজেন সকলে। কোনোবাই লিখিছে যে কিছুদিন আগলৈকে দুয়োজনে ইজনে সিজনক ঠাট্টা কৰি আছিল আৰু আজি আকৌ একেলগে আছে। কিছুমান মানুহে উৰ্ফীক সুধিছে যে শেহতীয়াকৈ আপুনি ৰাজক পৰ্ণ ৰজা বুলি কৈছিল আৰু এতিয়া তেওঁক তেওঁৰ লগত দেখা গৈছে, কি হৈছে। এতিয়া এই ভিডিঅ’ই অনুৰাগীৰ মাজত সৃষ্টি কৰিছে হেজাৰ প্ৰশ্নৰ।

media school
Leave A Reply

Your email address will not be published.