শীঘ্ৰে বৰাকত বিদ্যুৎচালিত ৰে’ল! প্ৰথমবাৰলৈ বদৰপুৰৰ পৰা শিলচৰলৈ লকোমটিভ ইঞ্জিনৰ ট্ৰায়েল

0 173

ৰে’লৱেৰ আধুনিকীকৰণৰ দিশত আন এখোঁজ দিলে বৰাক উপত্যকাই। বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ইলেকট্ৰিক লোকমোটিভ ইঞ্জিন বদৰপুৰৰ পৰা শিলচৰলৈ ৰাওনা হয়, তাৰ পিছত পুনৰ শিলচৰৰ পৰা বদৰপুৰলৈ উভতি যায়। ৰে’ল কৰ্তৃপক্ষই এই পৰীক্ষা সফল হোৱা বুলি কয়।গতিকে ৰে’লপথ বৈদ্যুতিকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে শিলচৰে।

লোকমোটিভ ইঞ্জিনটোৱে বদৰপুৰৰ পৰা ৰাওনা হয় ৪:১০ বজাত। ৫:২৪ বজাত শিলচৰত উপস্থিত হয়। বাটত ইঞ্জিনখনে ব্ৰেক লৈছিল। তাৰ পিছত ৫:৫০ বজাত বদৰপুৰলৈ ৰাওনা হ’ল। সন্ধিয়া সাত বজাত তাত উপস্থিত হ’য়। ঘণ্টাত ৭০ কিলোমিটাৰ গড় গতিত এই ট্ৰায়েল সম্পন্ন হয়। বদৰপুৰৰ পৰা শিলচৰ পোৱাৰ সময়ত অৰুণাচল জংচনত মাত্ৰ দুমিনিটৰ বিৰতি দিয়া হয়।

ইয়াৰ পিছতে ইলেক্ট্ৰিক ইঞ্জিনটোৱে শিলচৰ ষ্টেচনৰ তিনি নম্বৰ প্লেটফৰ্মত উপস্থিত হৈ কিছু সময় ৰৈ বদৰপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। অৱশ্যে বদৰপুৰ জংচনৰ পৰা আনুষ্ঠানিকভাৱে চলাচল কৰিলেও বদৰপুৰঘাট ৰে’ল ক্ৰছিঙৰ পৰা সহায়ক ইঞ্জিনেৰে মূল ইঞ্জিন ষ্টাৰ্ট কৰা হয়। ইয়াৰ আঁৰৰ কাৰণ হ’ল বদৰপুৰ ঘাটৰ পৰা বদৰপুৰ জংচনলৈ বৈদ্যুতিকীকৰণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই।

media school
Leave A Reply

Your email address will not be published.