আজি ধৰাৰ বুকুলৈ নামিব দুৰ্গতিনাশিনী মা দুৰ্গা

0 156

শৰতৰ আগমনৰ লগে লগেই প্ৰস্তুতি আৰম্ভ শাৰদীয় দুৰ্গোৎসৱৰ। আৰু আজি শুভ মহালয়া। আজি ধৰাৰ বুকুলৈ নামিব দুৰ্গতিনাশিনী মা দুৰ্গা। দুৰ্গা পূজালৈ মাজত মাত্ৰ বাকী আছে আৰু কেইটামান দিন ।।

ইতিমধ্যে সাজু হৈছে পূজা আয়োজক সমিতি, মৃন্ময় শিল্পী। দুৰ্গা পূজাৰ সৈতে মহালয়াৰ এক গভীৰ সম্পৰ্ক আছে। সেই দিনটোতে দেৱীক অন্তিম পৰশ দিয়ে মৃন্ময় শিল্পী সকলে।

উল্লেখ্য যে বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিনেই হৈছে মহালয়া। অৰ্থাৎ পিতৃপাক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণি সময়ছোৱাক মহালয়া বুলি কোৱা হয়। মহালয়া পিতৃতান্ত্ৰিকতাৰ অন্তিম দিন। তাৰ পাছদিনাৰ পৰা দেৱীৰ পক্ষ আৰম্ভ হয়।

মহালয়াৰ তাৎপৰ্য এয়ে যে ‘মহা’ মানে ‘পৰম’ আৰু ‘লয়’ মানে বিলীন হোৱা। আনহাতে, আন এক দাৰ্শনিকৰ মত অনুসৰি ‘লয়’ মানে তৰংগ অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়।

ইয়াৰ মূল তাৎপৰ্যটো হ’ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়।

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।

হিন্দু বিশ্বাস অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে।

media school
Leave A Reply

Your email address will not be published.