India vs Pakistan: আজি বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম মেচ

0 94

ক্ৰিকেটপ্ৰেমীসকলৰ অপেক্ষাৰ অন্ত পেলাই আইচিচি পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা ২০২৩ত (ICC Men’s Cricket World Cup 2023) আজি ভাৰত আৰু পাকিস্তানৰ মাজত হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব। গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি  দিনৰ ২ বজাৰ পৰা বহুপ্ৰত্যাশিত ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখন আৰম্ভ হ’ব।

এই পৰ্যন্ত বিশ্বকাপত দুয়োটা দলে তেওঁলোকৰ প্ৰথম দুখন খেলত জয় লাভ কৰিছে। এফালে ভাৰতে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে ইতিমধ্যে নেডাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰিছে।

চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হোৱা খেলৰ বিগত পাঁচখন এদিনীয়াৰ ভিতৰত ভাৰতে ৪ খনত জয়লাভ কৰিছে। ইয়াৰোপৰি, এদিনীয়া বিশ্বকাপৰ খেলত এতিয়ালৈকে ভাৰত আৰু পাকিস্তান এতিয়ালৈকে ৭ বাৰ মুখামুখি হৈছে আৰু ভাৰতে এই সকলোবোৰ মেচতে জয়লাভ কৰিছে। গতিকে আজিৰ এই মেচখনত কোনে জয় লাভ কৰিব আৰু কোন দল পৰাজিত হ’ব তাকে লৈ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে।

ভাৰতৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটো হ’ল যে ডেংগুৰ বাবে বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন মেচ খেলিব নোৱাৰা শুভমান গীল (Shubman Gill) এতিয়া সুস্থ হৈ উঠিছে আৰু পাকিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্ণ সম্ভাৱনা আছে। আহমেদাবাদত উপস্থিত হোৱাৰ পিছত গীলে বেটিং অনুশীলন কৰিছে। যদি তেওঁ কোনো কাৰণত নেখেলে, তেন্তে ঈশান কিষাণে (Ishan Kishan) খেলখনৰ অপেনিং কৰিব। ঈশানৰ শেহতীয়া অভিলেখও পাকিস্তানৰ বিৰুদ্ধে ভাল।

বিশ্বকাপৰ পূৰ্বে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে পাল্লেকেলেত অনুষ্ঠিত হোৱা খেলখনত ঈশানে ৮২টা বলত ৮১ ৰাণ সংগ্ৰহ কৰিছিল। আজি তেওঁ নতুন বলৰ সৈতে শ্বাহিন শ্বাহ আফ্ৰিদিৰ মুখামুখি হ’ব পাৰে। আজিৰ এই খেলখনত মহম্মদ ছামীয়েও (Mohammed Shami) খেলাৰো সম্ভাৱনা প্ৰৱল।

Leave A Reply

Your email address will not be published.