‘অপাৰেশ্যন অজয়’ৰ জৰিয়তে যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা স্বদেশলৈ আহিল পুনৰ দুখন বিমান

0 132

দেওবাৰৰ দিনটোতে ৪৭১ গৰাকী ভাৰতীয়ই ইজৰাইলৰ পৰা আহি স্বদেশত ভৰি থৈছেহি। ইজৰাইলত আৱদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে যোৱা এখনৰ পাছত আন এখন বিমান ভাৰতলৈ ঘূৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ ‘অপাৰেশ্যন অজয়’ৰ জৰিয়তে যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্ধাৰ কৰা হৈছে।

দেওবাৰে নিশা ‘আপাৰেশ্যন অজয়’ৰ তৃতীয়খন বিমান নতুন দিল্লীত আহি উপস্থিত হয়। এই বিমানখনে ইজৰাইলৰ পৰা ১৯৭ গৰাকী ভাৰতীয়ক কঢ়িয়াই আনিছে।

ইয়াৰ কেইটামান ঘণ্টাৰ পাছতে অপাৰেচন অজয়টৰ চতুৰ্থখন বিমান আহি ভাৰতত উপস্থিত হয়। বিমানখনত আহে ২৭৪ গৰাকী ভাৰতীয়। এই প্ৰৱাসী ভাৰতীয়সকলে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এই পৰ্যন্ত ইজৰাইলৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগত মুঠ ৯১৮ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.