২ নৱেম্বৰৰ পৰা ৰাজ্যত খুলিব শিক্ষানুষ্ঠানসমূহ : হিমন্ত বিশ্ব শৰ্মা

0 625

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত ঘোষণা

২ নবেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান সমূহ খোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

পুৱা ৮.৩০ বজাত খুলিব লাগিব স্কুলসমূহ।

পুৱা ৫০ শতাংশ আৰু বিয়লি ৫০ শতাংশ শিক্ষাৰ্থী আহিব লাগিব।

স্কুল খোলাৰ ১৫দিনৰ পাছত স্বাভাৱিক হ’ব পাঠদান।

আনহাতে এইবাৰ পাঠ্যক্ৰমৰ বোজা কমাই দিয়া হ’ব।

সকলো শিক্ষাৰ্থীকে পৰবৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰা হ’ব।

শ্ৰেণীকোঠা সৰু হ’লে প্ৰেক্ষাগৃহত ক্লাছ কৰিব লাগিব।

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰিলেও আপত্তি নাথাকিব।

স্কুললৈ সন্তানক পঠোৱা-নপঠোৱাক লৈ অভিভাৱকে ল’ব সিদ্ধান্ত ।

শিক্ষানুষ্ঠানৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব ক’ভিড চেণ্টাৰসমূহ।

স্কুল খুলিলে মানিব লাগিব ক’ভিড প্ৰটকল।

অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতেই চলি থাকিব ক্লাছ ।

৫ম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান।

ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহেও মানিব লাগিব এই নিয়ম।

প্ৰতিটো শ্ৰেণীত ২০ৰ পৰা ২৫জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব ।

Leave A Reply

Your email address will not be published.