লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব শুকুৰ আলীয়ে, ক’লে – “মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা মানুহেই নাই”

0 160

আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব শুকুৰ আলীয়ে। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে শুকুৰ আলীয়ে।

শুকুৰ আলীয়ে কয়, ‘‘মই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। ধুবুৰীত মোৰ প্ৰতিদ্বন্দ্বিতা কাৰো লগত নহয়, মোৰ জয় নিশ্চিত।’’আজমল হওক, কংগ্ৰেছ হওক সব চিটিকি যাব বুলি মন্তব্য কৰে শুকুৰ আলীয়ে।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে টিকট বিচাৰিব সুকুৰ আলীয়ে। টিকট দিলে জয় নিশ্চিত বুলি ক’লে শুকুৰে। অৱশ্যে দলে টিকট নিদিলে বিজেপি–অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সহায় কৰিম বুলি মন্তব্য কৰে শুকুৰ আলীয়ে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জে’লৰ পৰা ওলাই আহিছে শুকুৰ আলী। নিষিদ্ধ মাংস সৰবৰাহৰ অভিযোগত কাৰাগাৰলৈ যাবলগীয়া হৈছিল শুকুৰ আলী।

ছচিয়েল মিডিয়াত বিভিন্ন সময়ত ভাইৰেল হৈ থাকে শুকুৰ। বিগত লোকসভা নিৰ্বাচনত ধুবুৰীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চৰ্চালৈ আহিছিল শুকুৰ আলী।

media school
Leave A Reply

Your email address will not be published.