ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

0 175

ডিজিটেল ডেস্কঃ মিজোৰাম নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিৰ পৰিয়ালতন্ত্ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা তীব্ৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাহুল গান্ধীক ৰাজনৈতিক নিৰক্ষৰ আখ্যা দি কয়, ৰাহুল গান্ধীয়ে পৰিয়ালতন্ত্ৰৰ সংজ্ঞাই নাজানে।

ৰাজনীতিৰ কোনো জ্ঞানেই তেওঁৰ নাই। তেওঁ বিজেপিত পৰিয়ালতন্ত্ৰ আছে বুলি প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা চলাই অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ পুত্ৰৰ নাম টানি আনিছে।

ৰাহুল গান্ধীয়ে কৈছিল বিজেপি ক্ষমতালৈ আহিলে মিজোৰাম আৰু উত্তৰ পূবৰ ধৰ্ম, সংস্কৃতি, ভাষা সকলো আক্ৰান্ত হ’ব। ৰাহুলৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয়, বিজেপি শাসনলৈ অহাৰ পাছতো মিজোৰামৰ সকলো গীৰ্জা, ভাষা, সংস্কৃতি একেই আছে। অসমত মাজুলীৰ সত্ৰ, ডন বস্কোৰ গীৰ্জা, কামাখ্যা সকলো আগৰ দৰেই আছে। উত্তৰ পূবৰ বিষয়ে একো নজনাকৈ কথা ক’লে এনেকুৱাই হয়।

হিমন্তৰ দাবী, কোনোৱে হয়তো ৰাহুলক বুজাইছে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলৰ জয়ৰ প্ৰশংসা কৰিলে তেলেংগানাত ভোট নাপাব।

ইফালে ৰাহুল গান্ধীয়ে যি সময়ত মিজো শান্তি চুক্তিত তেওঁৰ পিতৃ ৰাজীৱ গান্ধীৰ ভূমিকাৰ কথা প্ৰচাৰ কৰিছে সেই সময়তে মিজো নেশ্যনেল য়ুথ ফ্ৰণ্টে দাবী কৰিছে ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সময়তে ১৯৬৬ চনৰ ৫ মাৰ্চত মিজো বিপ্লৱীসকলৰ ওপৰত বিমানৰ জৰিয়তে বোমা নিক্ষেপ কৰা হৈছিল।

প্ৰদেশ বিজেপিৰ মুখপাত্ৰ লালৰেমছাংগি ফানায়ো মিজোৰামত বোমা বৰ্ষণত কংগ্ৰেছ আৰু ইন্দিৰা গান্ধীৰ ভূমিকাৰ কথা উল্লেখ কৰি কয়, নিজৰ দেশৰ নিৰীহ মহিলা- শিশুৰ ওপৰত বোমা নিক্ষেপ কৰি হত্যা কৰাৰ উদাহৰণ কেৱল কংগ্ৰেছেই আছে। মিজোসকলে সেয়া কেতিয়াও নাপাহৰে।

media school
Leave A Reply

Your email address will not be published.