নিউজিলেণ্ডৰ সৈতে মেচৰ পূৰ্বে ভাৰতৰ বাবে বেয়া খবৰ! এইবাৰ ভাৰতৰ সন্মুখত কঠোৰ প্ৰত্যাহ্বান

0 285

বিশ্বকাপত ক্ৰমাগতভাৱে চাৰিখন মেচত জয়ী হৈছে ভাৰতে। অষ্ট্ৰেলিয়া, আফগানিস্তান, পাকিস্তানৰ পিছত বাংলাদেশকো পৰাস্ত কৰে টীম ইণ্ডিয়াই। এইবাৰ ভাৰতৰ সন্মুখত কঠিন প্ৰতিপক্ষ নিউজিলেণ্ড।কিন্ত্ত আগন্তক বহু প্ৰত্যাশিত খেলখনৰ পূৰ্বে চাপ বাঢ়িছে টীম ইণ্ডিয়াৰ। 

কাৰণ নিউজিলেণ্ডৰ বিৰুদ্ধে মেচৰ পৰা আঁতৰিল টীম ইণ্ডিয়াৰ এজন খেলুৱৈ।বাংলাদেশৰ বিৰুদ্ধে চলা খেলখনত আঘাত পাইছিল হাৰ্দিক পাণ্ডিয়াই। বাংলাদেশৰ বিৰুদ্ধে মাত্ৰ ৩টা বল দিয়াৰ পিছতে আঘাত পাইছিল অলৰাউণ্ডাৰগৰাকীয়ে। প্ৰাথমিক চিকিৎসাৰ পিছতো বলিং কৰিব পৰা নাছিল তেওঁ।জানিব পৰা মতে, আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই।


জানিব পৰা মতে, হাৰ্দিক পাণ্ডিয়াৰ আঘাত পূৰ্বতকৈ কিছু ভাল পৰিস্থিতিলৈ আহিছে। হাৰ্দিকক বেংগালুৰুৰ নেচনেল একাডেমীলৈ নিয়া হৈছে। হাৰ্দিকৰ গোৰোহাৰ স্কেন ৰিপ’ৰ্ট পৰীক্ষা কৰিছে মেডিকেল টীমে।

কিন্ত আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই।কিন্তু নিউজিলেণ্ডৰ বিৰুদ্ধে মেচত হাৰ্দিক নথকাটো চিন্তাৰ কাৰণ দলৰ বাবে। খবৰ অনুসৰি, ইংলেণ্ডৰ বিৰুদ্ধে খেলত দললৈ উভতিব পাৰে হাৰ্দিক পাণ্ডিয়া।

media school
Leave A Reply

Your email address will not be published.