২৬ অক্টোবৰত I.N.D.I.A. অসম শাখাৰ বৈঠক, কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব বিৰোধীৰ ঐক্যৰ পৰা?
লোকসভা নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ আসন ভাগ–বটোৱাৰা সম্পন্ন হৈছে ৷ দুদিন পূৰ্বে এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দলে মাথোঁ আনুষ্ঠানিকতা বজাই তালিকা প্ৰকাশ কৰিব বাকী৷ অৱশ্যে কোনে ক’ত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কে এতিয়ালৈ কোনো কথা প্ৰকাশ কৰা নাই৷ মাথোঁ আসন ভাগ–বটোৱাৰা সম্পন্ন হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অহা ২৬ অক্টোবৰত মহানগৰীত অনুষ্ঠিত হ’ব বিৰোধীৰ ঐক্য বৈঠক৷ দিনৰ ২ বজাত মহানগৰীৰ হোটেল লিলীত অনুষ্ঠিত হ’ব এই বৈঠক ৷ বৈঠকত উপস্থিত থাকিব বিৰোধী ঐক্য ১২ উমৈহতীয়া দল৷ যি ১২ উমৈহতীয়া দলৰ উপস্থিতিত আসন ভাগ–বটোৱাৰা কৰিব বিৰোধীয়ে৷
উল্লেখ্য যে দুই–তিনিটা দলৰ বাহিৰে বাকী দলসমূহে প্ৰকাশ কৰিছে সমষ্টিভিক্তিক প্ৰাৰ্থীৰ সাম্ভাব্য তালিকা৷ ইয়াৰ মাজতে কোনে ক’ত প্ৰাৰ্থিত্ব আগবঢ়াব তাক লৈও দাবী বিৰোধীৰ কেইবাটাও দলৰ৷
কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধীৰ ১২ দলে৷ বিৰোধী ঐক্যৰ এই দাবীসমূহৰ বাস্তৱ ৰূপ পাব ২৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত৷ বিৰোধীয়ে আশা কৰা ধৰণে এতিয়া এই দাবী পূৰণ হয় নে নহয় ২৬ অক্টোবৰৰ দিনটোত স্পষ্ট হ’ব।