” নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে BJP,৫খন ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে”

0 94
৫খন ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । দেশত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে । বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটাও পূৰণ হোৱা নাই । নিবনুৱা সমস্যা সমাধান, কৃষকৰ উপাৰ্জন দুগুণ কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে “ , বুধবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে দেশৰ সবাতোকৈ পুৰণি দলটোৱে এইবাৰ পাঁচখন ৰাজ্যতে চৰকাৰ গঠন কৰিব । বিজেপিশাসিত মধ্যপ্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে । কালাবুৰ্গীত এএনআইৰ সৈতে বাৰ্তালাপত খাৰ্গেয়ে কয় যে ছত্তীশগড় আৰু ৰাজস্থানৰ কংগ্ৰেছে সঠিকভাৱে কাম কৰি আছে আৰু তাৰ জনসাধাৰণে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই(Assembly Elections 2023) নৱেম্বৰ মাহত তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব । ৭ নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়, ৭ আৰু ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ, ২৫ নৱেম্বৰত ৰাজস্থান আৰু ৩০ নৱেম্বৰত তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হব । আনহাতে, ৰাজ্যকেইখনত ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হব ।সমাগত নিৰ্বাচনৰ বাবে পাঁচখন ৰাজ্যতে নিৰ্বাচনৰ বাবে কংগ্ৰেছে ব্যাপক প্ৰস্তুতি চলাই আছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে ।তেওঁ লগতে কয় যে মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে । আনহাতে, কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে দলটোৱে কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই(‘Congress will form govt in all 5 states’ says Congress President Mallikarjun Kharge)

Leave A Reply

Your email address will not be published.