মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ
উচ্চতম ন্যায়ালয়ে পুনৰ নাকচ কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী মনীষ ছিছ’দিয়াৰ জামিন আবেদন । যোৱা ১৭ অক্টোবৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।
উল্লেখ্য যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উণ্থাপন হৈছিল আপৰ নেতা মনিষয় ছিছদিয়াৰ বিৰুদ্ধে । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্ৰীৰ বিচাৰপীঠত সম্পন্ন হয় শুনানি
তদন্তকাৰী সংস্থা সমূহক আদালতে ৬ -৮ মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াতকৈ পলম হ’লে ছিছ’দিয়াই পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব ।
জামিন আবেদনৰ শুনানিৰ সময়ত তদন্তকাৰী সংস্থা সমূহৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ, ভি ৰাজু আৰু মনিষ চিছ’দিয়াৰ হৈ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত যুক্তি দাঙি ধৰে ।